PCOD মানে কি ? সহজ ভাষাৰে বুজো আহক

নমস্কাৰ দৰ্শক সকল আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল্ল ইউর্স ড্রিম। যিসকলে মোৰ ভিডিও সকলো চাই যিসকলে মোক মৰম দি আছে সকলোৱে যেন মোৰ এই চেনেল টো সাবস্ক্রাইব কৰে ৷ আৰু আহিব লগা যি যি মোৰ ভিডিও থাকে আপনালোকে সকলোবিলাক মোৰ ভিডিও আপোনালোকে পাই থাকিব, আৰু নতিফিকেশন পাই থাকিব ৷ আৰু আজি মোৰ সৈতে আছে প্রতীক্ষা হস্পিতালৰ প্ৰসুতি বিভাগৰ অৰ্থাৎ কাইন্ডকোলজি বিভাগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ দীগন্ত চেটিয়া চাৰ ৷ আমি চাৰৰ নামটো ইতিমধ্যে শুনিছো আমি অসমৰ এজন টপ মোস্ট কাইন্ডকলজি বুলি কব পাৰি আৰু আগতেও চাৰৰ সৈতে মই ইন্টাৰভিউ কৰিছোঁ ৷ যিসকলে আগতে চাৰৰ ইন্টাৰভিউ চোৱা নাছিলে মই তলৰ লিংকছত দি দিছো আপোনালোকে চাব পাৰে আগৰ
ইন্টাৰভিউ খিনি ৷ সেইটো ইন্টাৰভিউ চাৰৰ কম্প্লিটলি চাৰৰ biodata খিনি জানিব পাৰিব ৷ এতিয়া আমি আজি এটা বিশেষ এটা টপিকত এটা আলোচনা কৰিম আজি আৰু সেই টপিকটো হব অবিবাহিত মহিলাৰ পৰা বিবাহিত মহিলালৈকে সকলোৰে এই সমস্যাত ভুগি থাকে ৷ আৰু সেই সমস্যাটো হৈছে p.c.o.D যাক কোৱা হয় polycystic ovary syndrome অৰ্থাৎ (P C O S)এই যিটো চাৰ বিশয় P C O D এটা বহল সাগৰৰ বিশয় বুলি কব পাৰি আৰু এতিয়া যিহেতু এই সময়খিনিত বৰ্তমান সময়খিনিত P C O D ভোগা বহুতো আপোনাৰ অবিবাহিতৰ পৰা বিবাহিত মহিলালৈকে আপুনি নিজে দেখিবলৈ পায় এনেকুৱা ধৰণৰ ডে টু ডে পেচেণ্ট পায় এনেকুৱা ধৰণৰ ৷ এতিয়া আমি যদি সহজ অৰ্থত জানা হয় P C O D একেবাৰে সহজ অৰ্থত P C O D মানে কি আচলতে? P C O D আচলতে বস্তুটো এটা হৈছে ইমান এটা শৰ্ট টাইম এটা গতিকে পটকে কবলৈও সহজ হল আৰু বোলে আপোনাৰ সিষ্ট হৈছে ৷ 

হয়, এতিয়া সিষ্ট বুলি কৈ দিয়াৰ লগে লগে মানুহখিনিৰ মানে যিখিনি তিৰোতা যিখিনি ধৰা ছোৱালী বা মহিলা তেওঁলোকৰ মানে মনত সিষ্ট হৈছে মানে মোৰ এটা ডাঙৰ বেমাৰ হৈছে ৷ আচলতে বস্তটো একো নহয় ৷ মই আজি কিছুমান কথা কম যিবিলাক কথা তোমাৰ যোগেৰে বা তোমাৰ চেনেলত মই এটা ম্যাচেজ দিব বিচাৰিছো ৷ হয়, যে প্ৰকৃতাৰ্থত বস্তুটো কি হয় আৰু বস্তুটোৰ বিষয়ে অলপ বিতং ভাবে জানি লোৱাটো দৰকাৰ আমাৰ ৷ কিছুমান নলেজ থাকিব লাগে আৰু যেনেকে আমি সৰুৰ পৰা ডাঙৰ -দীঘল হও মাক-দেউতাকে ডাঙৰ – দীঘল কৰে , আমাৰ মহিলাসকলে যেতিয়া প্ৰথম তেওঁলোকৰ মাহেকীয়া দেখা পায় আমি শান্তি হোৱা বা তুলনী হোৱা সেইবিলাক নামেৰে নামকৰণ কৰোঁ ৷ এতিয়া কথাটো হল এই বস্তুবিলাকত কৰোবাত কিবা বিসংগতি আছে নেকি বা ইয়াৰ লগত ভবিষ্যতে গৈ কিনে মোৰ কিবা হেৰি হব নেকি মানে সমস্যাত পৰিব নেকি? এই বস্তুটোই পিছত গৈ পিনে কি হল ,এই নামটোৱে এনেকুৱা ধৰণৰ এটা প্ৰয়োগ আৰু অপপ্ৰয়োগ তাৰমানে বস্তুটো হল যে P C O D৷ P মানে POLY multiple poly মানে বহুত, C মানে chest পানীৰ নোঙা এটা চাৰিওফালে কহাঁৰ। এটা যদি পৰি থাকে তাক আমি chest বুলি কওঁ৷ O মানে ovary ডিম্বাশয় D মানে desists এতিয়া desists শব্দটোত P C O D আহি গল তাৰমানে মোৰ chest অৰ বেমাৰ হৈছে আচলতে এইটো নহয় ৷ এই নামটোৱেই হৈছে এটা মিছনমা ,মানে এইটো এটা কোনো বেথলজি বা হেৰি…. এতিয়া P C O D বহুতে আকৌ কব P C O S সেই একেটাই Polysystic ovaryan synrom . Synrom টো হৈছে যে কম্প্লেকচ অব deferent disist . disist টো হইছে ovary ত হোৱা এটা বেমাৰৰ লক্ষণ ৷ সদৃশ এটা লক্ষ্যণ আৰু syndrome টো হৈছে যে তাৰ ফলত আৰু কিছুমান biochemical changes সেই তিৰোতাগৰাকী বা মহিলাগৰাকীৰ ক্ষেত্ৰত আছে ৷ তাৰমানে syndrome complex টোই বুজাইছে যে আমাৰ P C O D বুলি যিটো আমি কথাটো কৈ দিছো গতিকে এই শব্দবিলাক আমি যেতিয়া প্ৰয়োগ কৰোঁ Rediologist এই হওক gynologist এই হওক ,আমি প্ৰয়োগ কৰোঁতে সদায় কৈছো আৰু এটা চাব আপুনি P C O বহুতে D টো নকয় P C 0 তেতিয়াহলে এইটো Polysystic ovary তেতিয়াহলে ইও এটা বেমাৰ ৷ আচলতে নহয় Polysystic ovary টো হৈছে ovary হৈছে ডিম্বাশয় আৰু ডিম্বাশয় যিবিলাক egg থাকে সি পেৰিফেৰী , পেৰিফেৰী মানে কিছুমান অসমীয়াত কবলৈ দিগদাৰ মই ইংৰাজীতেই কব লাগিব ওপায় নাই , পেৰিফেৰী হৈছে তাৰমানে ডিম্বাশয়টোৰ ওপৰ অংশৰ ফালে egg বিলাক থাকে আৰু মাজৰ অংশত ovary মানে ডিম্বাশয় কিছু যিখিনি তাৰ মাংশপেশী সিখিনি মাজত থাকে ৷ গতিকে কি হয় গোটেই egg খিনি উপৰফালে এটা নেকলেছ চিনৰ নিচিনা এটা round multiple এটা চিনৰ অৰ নিচিনা এনেকৈ দেখা যায় দেখিবলে chest সদৃশ এটা P C O এপেৰি তাৰমানে P C O এপেৰিং টো নৰ্মেল তাৰমানে P C O এপেৰি বহুতে Ultrasound এনেকে লিখি দিলে যে P C O এপেৰি মানে দেখাত P C O সদৃশ ৷ এ মোৰ chest হইছে একদম মাক দেউতাক লৰা ছোৱালী একদম কলেজীয়া হেৰি গোটেইখন আহিপিনে মানে বস্তুটোৰ সেই ৷ আচলতে নহয় আমি প্ৰথম কথা হল যে এই nomenclature বিলাক কি? কোনটো desists কোনটো syndrome আৰু কোনটো নৰ্মেল আমাৰ এইখিনি মেইন জনাটোয়েই ৷ সেইকাৰণে মই P C O D শব্দটোৰ অৰ্থটোত এইটোৱেই কই আছো ৷ আৰু ইয়াৰ বহুত কেইটা ভাগ আছে , এজন ইণ্ডিয়াৰ বিখ্যাত সাউথ ইণ্ডিয়ান তেওঁ ৰাজেন classification বুলি এটা P C O D এটা classification আছে তেওঁৰ classification ত ছটা classify কৰি থৈছে ৷ তাৰমানে ছটা classifyত কি হয় মানে P C O D ৰ মাইল মডাৰেট , মডাৰেটৰ ওপৰত severe ,very severe মানে বহু ধৰণৰ স্তৰ হব পাৰে ৷ গতিকে আমি যিবিলাক গতানুগতিক যিবিলাক পাই থাকো বা মই যিবিলাক মোৰ হেৰীত পাওঁ বা বিভিন্ন ধৰণৰ day to day visit পাই থাকো মই ভাবোঁ mild to moderate ,maximum অৰ ৷

severe অলৈ যোৱাৰ condition নাথাকে খুব কমকে পাই নেকি ?
কম বহুতখিনি কম আৰু সেই যিখিনি severe category সেইখিনি বহুত সৰুৰ পৰাই তাৰ বহুত ধৰণৰ লক্ষ্যণ আৰু বহু ধৰণৰ symtoms শিশুৰৰ পৰাই দেখাই থাকে কিন্তু ,মাক দেউতাকৰ সচেতনতা তেওঁলোকৰ নিজৰ complain এইবিলাকৰ ওপৰি এতিয়া আপুনি ধৰক ,তিৰোতা মানুহ এগৰাকী তিৰোতা মানুহ এগৰাকীৰ তো চুলি (hair) বেছি হয় হব পাৰে ethnic হেৰি হিচাপে north indian মানুহ বিলাকৰ অলপ hair tructure মঙ্গোলিয়তকৈ বেছি ৷ কিন্তু সেইবুলি আপুনি যদি —– pattern of hair আপুনি দেখিবলৈ পাই মুস্তাছ bierd বা ধৰা শৰীৰটো একেবাৰে মতা মানুহৰ নিচিনা যদি নোমাল একদম, তেতিয়াহলে এইখিনিতো আপুনি দেখাতেই নৰ্মেল নহয় জানো , তাতে তাৰ মাহেকীয়া হৈ পিনে মাহেকীয়া একদম regular হৈ , কোনো সময়তে regular হোৱা নাই ৷ ফেমেলি history of diabetes আছে তাৰপিছতে ছোৱালীজনীৰ কাহানিও মাহেকীয়া regular নহয় , সেই গোটেই child obesity ,সৰুৰ পৰাই মানে —– বহুলতাত ভুগি আছে ৷আৰু পিছফালে আপুনি আহিছে তেতিয়া P C O D diagnostic বা P C O S diagnosed হৈছে গতিকে সেইটো এটা জটিল আৰু এটা Severe category মাজত ৷ গতিকে তাত আমি বহুত বস্তু এৰি থৈ আহিছো ৷আৰু পিছত গৈ পিনে আহি আপোনাক present কৰিছোঁ৷ কিন্তু simple এটা P C O D বা P C O , P C O D কি ,কেনেকে আহিলে , কি হয়, কি বস্তুৰ পৰা হৈছে মই আজি তাৰে যিমান পাৰোঁ সহজ লভ্য হিচাপে মই বুজাই , মই এইটো কোৱানাই যে এইটোৰে মই কিবা এটা বিঙ্গাপন বা কিবা এটা প্ৰচাৰ কৰিব বিচাৰিছো কিন্তু মই এটা শাৰীত এটা কথাই কব পাৰোঁ , চাওঁক মই এজন history ৰ বিশেষজ্ঞ মই প্ৰসুতি স্ত্ৰী ৰোগৰ বিষয়ৰ উপৰিও মই সন্তানহীনতা বা infertility মাহেকীয়া regularity এইবিলাক মই বিভিন্ন gynae ধৰণৰ মই হেৰিবিলাক চাওঁ ৷ কিন্তু আজি সন্তানহীনতা Problem P C O D হৈ মোলে অহা তাৰমানে তেওঁ বা ছোৱালীগৰাকীয়ে বা parents এ already দুটা step পাৰ হৈ আহিল তাৰমানে, পাৰ হৈ আহিহে মোৰ ওচৰলৈ আহিছে ৷ তাৰমানে তেওঁ এখন ঘৰৰ পৰা সিখন ঘৰলৈ গল , ইখন ঘৰত গৈ যেতিয়া চেষ্টা কৰি বিফল হৈছে প্ৰজননত তেতিয়াহে মোৰ ওচৰলৈ আহিছে ,মোৰ কথাটো বুজিছে নে নাই ? তাৰমানে মই কথাষাৰ কবলৈ এইটোৱে যে এই বস্তুটো , child অবস্থাৰ পৰাই আমি এই বস্তুটোৰ লক্ষণটো চাব লাগিব আৰু এই through তে মই কবলৈ গলে কিয় আমি child অবস্থাৰ পৰা এই ,বিশেষকৈ মই মহিলাৰ লগত জড়িত আৰু বেমাৰটো মহিলাৰ গতিকে মই ইয়াত পুৰুষক নাটানো পুৰুষৰ —– লগত মোৰ infertility বা হেৰি সম্পূৰ্ণ বেলেগ ৷ এই P C O D টো completely মহিলাৰ গতিকে মই মহিলাৰ হেৰিত গোটেইখিনি কথা কৈ আছো ৷ এতিয়া কথাটো হল P C O D এটা বোলে এইটো genetically link আছে নেকি?
যে মোৰ মা দেউতাৰ বা হেৰি চেৰী লৈ , হয় আছে কিছু সংখ্যক genetically P C O D ৰ লগত link আছে ৷ এতিয়া কথাটো হল যে মা দেউতাৰ জিনত P C O D ৰ Diabetes আছে মোৰ হবই গতিকে মোৰ আৰু উপায় নাই ৷ নহয় , আচলতে কথাটো সেইটো নহয় , তাৰমানে চাওক genetics এ আপোনাৰ এটা বস্তু প্ৰকাশ হোৱাত তাৰমানে আপোনাৰ জিনটো এটা বংশানুক্ৰমে এটাৰ পিছত এটালৈ যোৱাত সহায় কৰিব ৷ কিন্তু মেইন বস্তুটো আপোনাৰ depend কৰে enviromental factor enviroment আপুনি কেনেকুৱা environment কেনেকুৱা পৰিৱেশত ডাঙৰ দীঘল হৈছে , কি পৰিয়ালত , কি খাইছে , কি কৰিছে এতিয়া মই সৰু example কিছুমান দিওঁ এতিয়া P C O D টো কৰবাত কিন্তু এতিয়া মই সৰু example কিছুমান দিওঁ দে , যিটোৰ লগত যদিও বেমাৰৰ কোনো সমযোস্য নাই কিন্তু মই ভাবো যে হয় মানুহৰ গতানুগতিক যিটো এটা change সেড° change অৰ লগত আমি যিটো গৈ আছো প্ৰকৃতাৰ্থত সব সচা নে বা প্ৰকৃতাৰ্থত আমি মা“ সেই ৰাস্তাটোত গৈ আছোনে? —- হৈছে এটা part তা লগত জড়িত diabetes মেট বহুলতা obisity বহুত ধৰণৰ বেমাৰ হাৰ্টৰ টাৰ্টৰ সব একেটাৰেই ঠাল ঠেঙুলি আচলতে ৷

মই সংক্ষেপে ক’বলৈ গ’লে এইটোৱেই কৈছো যে আমি সৰুতে যেতিয়া স্কুললৈ যাওঁ, স্কুলত গ’লে আমাৰ কি হয়, স্কুলত আমি হয় খোজকাঢ়ি যাব লাগে নহ’লে চাইকেল চলাই যাব লাগে। চাইকেল চলোৱাৰ পৰ্বটো সৰুতে ক’ত বেছি। হিৰ’ চাইকেল, ৰেলী চাইকেল,।এইবিলাক আজিকালি নামেই শুনা নাযায় বাৰু, বাদ দিয়ক। এতিয়া আপুনি চাইকেল চলোৱা মানে, চাইক্লিং ইজ এন এক্সাৰচাইজ।গতিকে আপুনি স্কুললৈ চাইকেল চলাই গৈছে,। ৰাতিপুৱা মায়ে জোৰ জবৰদস্ত আপোনাক ভাত দুটামান আলুপিতিকাৰ সৈতে হওঁক বা শাকৰ আঞ্জা এটাৰ সৈতে আপোনাক খোৱাই পঠিয়াইছে। আপুনি চাইকেল মাৰি গৈ ক্লাছ-চ্লাছ কৰি তাতে টিফিন ব্ৰেক। টিফিন ব্ৰেক কৈ দিয়াৰ লগে লগে আৰু চিধা ৰূমৰ পৰা ওলাই আপুনি ফিল্ডলে দৌৰিল।

হয় হয়, কেতিয়াবা ঘৰলৈও আহা যায়।
ঘৰলৈ আহা মানে স্কুলীয়া লাইফৰ টিফিন ব্ৰেকত আমি ফিল্ডতে কটালো। আৰু তাত আমি কি নাই কৰা, মানে মই অকল ল’ৰা বুলি ল’ৰাৰ হেৰিৰ কথা কোৱা নাই, ছোৱালীও সমানে সিফালে খেলি আছে। নানান ধৰণৰ মানে প্ৰতিযোগিতা মূলক হেৰি, ভলীবলেই হওঁক, বা ফুটবলেই হওঁক বা স্কিপিঙেই হওঁক, বিভিন্ন ধৰণৰ মানে তেওঁলোকৰ। মানে এই দুটা পিৰিয়ডৰ যিটো টিফিন, সেই টিফিনৰ সময়ত টিফিন খাই যিখিনি এক্সাৰচাইজ, তাৰপিছত পুনৰ আকৌ এটা ক্লাছৰ পিৰিয়ড । ৩.৩০ মান বজাত গৈ ক্লাছটো শেষ হয়,।চবেই ঘৰমুৱা হয় মোৰ গোটেই কথাটোৰ অৰ্থটো এইটোৱেই বুজাইছো, যে আপুনি পঢ়িছে, পঢ়াৰ লগে লগে যিখিনি খেলা, সেইখিনি ৰাখি ঘৰলৈ গৈ আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পঢ়ি মেলি দহটা বজাত ভাত কেইটা খাই একদম নিস্তব্ধ আপুনি টোপনি আৰু ৰাতিপুৱা উঠি আকৌ নিজৰ পৰিশ্ৰম। এই যিটো চাইকলটো,আজিৰ ক্ষেত্ৰত বহুত ধৰণে চেইঞ্জ এটা আহিছে।আৰু এই চেইঞ্জটো মই একো বেয়া ক্ষেত্ৰত কোৱা নাই, এইটো এটা ডেভেলপমেন্টৰ চেইঞ্জ।সময়ৰ কাৰণে, চাইকেল নাই তেওঁৰ গাড়ী কিনিছে,গাড়ীৰ পৰা আৰু দামী গাড়ী কিনিছে, কালি পৰহি তেওঁ ভৰি মাটিতে পেলোৱা নাই, সেইটো মই কোৱা নাই, মোৰ কথাটো হ’ল সেই ডেভেলপমেন্টটো ঠিক আছ, খাদ্যৰ অভাৱ আতৰিছে, কিন্তু মানুহৰ সংখ্যা বাঢ়িছে, আপুনি খাদ্য এভেলেবল কৰিব লাগিব, আমাৰ সময়ত কি হৈছিল,।শাক-পাচলি বুধবৰীয়া বজাৰত মানে কেতিয়াবা বন্ধাকবি গৰুৱেও খাই দিয়ে, এনেই পৰি থাকে,নিওতা নাই, আজিৰ দিনত আপোনাৰ এতিয়া মানুহ ইমান বেছি খাদ্য কম, গতিকে কি হৈছে, কীটনাশক দ্ৰব্য দি বা প্ৰিজাৰ্জেটিভ দিছে। আমি ফাষ্টফুড, প্ৰচে্ছড ফুড, ইজিলি এভেলেবল। ডিপাৰ্টমেণ্টেল ষ্ট’ৰ, খোজেই কাঢ়িব নালাগে, তাতো আকৌ গাড়ী এখন দি দিছে,আপুনি গৈ ভেল‍্যু চাই কিনি আনিছ। চব ঠিকে আছে। চব ৱেষ্টাৰ্নাইজ হৈছে, ডেভেলপ হৈছে,ডেভেলপিং কান্ট্ৰিৰ পৰা ডেভেলপলৈ গৈছে ঠিক আছে কিন্তু শৰীৰটো। শৰীৰটো মই উল্লেখ কৰা সৰুকালৰ কথাবোৰ, ক্লাছ নাইনলৈ মোৰ আঠু নুশুকাই,মোৰ খহু কেইটা মানে কাগজত থু লগাই আঠুত কাগজ লগাই থৈ দিও, মা দেউতাৰ মাৰ খাম বুলি। তেতিয়া লংপেন্টো নাই, হাফপেন্ট পিন্ধিব লাগে। কিন্তু আজি এতিয়া বাইকেই কওক আপুনি, মানে পৰিশ্ৰম বোলা বস্তুটো ল’ৰাৰ বা ছোৱালীৰ ক্ষেত্ৰত হওঁক কমিছে, আৰু তাৰ কাৰণে মই কাকো জগৰীয়া কৰিব বিচৰা নাই বা কাকো জগৰীয়া কৰা নাই, কিন্তু চিষ্টেমটোত, কিছুমান ভুল অলপ আছে মেডিকেল ফালৰ পৰা, । মই পিচিঅ’ডি ৰ কথাটো ক’বলৈ গৈ যে ইমানখিনি বহলাই ল’লো ,মই যেতিয়া ক্লিনিকত চাওঁ, মই যেতিয়া ৰাষ্টাৰে ওলাই যাওঁ, মই যেতিয়া বজাৰলৈ যাওঁ, স্বাস্থ্যৰ উন্নত আছে, কিন্তু হেল্দী নহয়। এটা উন্নত স্বাস্থ‍্যই হেল্দীনেছটো নুবুজায়, তাৰমানে চৰ্বিৰ মাত্ৰাটো অতিপাত বেছি, তাৰপৰা মাক দেউতাকে ক’ব মোৰ ল’ৰা ছোৱালীয়ে নাখাই,। এতিয়া হ’ল চাইল্ড অ’বেছিটি, মই কথাটো উচ্চাৰণ কৰিছো, কাৰণে কৈছো। এই বিভাগটোত মই জড়িত কাৰণে অকল মই হে পিচিঅ’ডি ক’ব লাগি সেইটো নহয়,এই বিভাগটোৰ লগত জড়িত পেডেট্ৰিচিয়ান সকল,জি টি প্ৰেক্টিচনাৰ সকল, মাক দেউতাক সকল, ল’ৰা ছোৱালী সৰু অৱস্থাৰ পৰাই কি খাইছে, কি নাইখোৱা, কি কৰিছে।মই এইটো নকও, যে কম্পিটিশ‍্যন নাই,কৰিব নালাগে, আপোনাক ডাক্তৰে পৰামৰ্শ দি আছে যে আপোনাৰ ওজন আপোনাৰ জোখতকৈ বেছি বাঢ়িছে, সৰু অৱস্থাতে, এই চাইল্ড অৱস্থাত যদি চাইল্ড অবেছিটি হয়, সি।ল’ৰাই হওঁক বা ছোৱালী হওঁক, গোটেই হাৰ্টৰ, থাইৰয়ডৰ প্ৰব্লেম সোপা লৈ যাব, ছোৱালী হ’লে মাহেকিয়াৰ গোটেই প্ৰব্লেমসোপা লৈ যাব, তাৰেই পিচিঅ’ডি হৈছে এটা অংশ।বুজি পালে।
তাৰ পিছত মোৰ ওচৰলে , ল’ৰালি কাল গ’ল, কলেজৰ লাইফ গ’ল, মই এইটো কোৱা নাই যে কলেজ বিলাকত খেল নহয়,।

মই কাৰো বিৰুদ্ধে বা চিষ্টেমৰ বিৰুদ্ধে ক’বলৈ যোৱা নাই।সেইটো নিজৰ নিজৰ। কিন্তু সচেতনতা, শিক্ষকৰো ৰোল আছে, অভিভাৱকৰ ৰোল আছে, ডাক্তৰৰো ৰুল আছে, সমাজৰো ৰোল আছে, চৰকাৰৰো ৰোল আছে‌ । তাৰমানে আপুনি কেনেকৈ নিজকে ফিট কৰি ৰাখিব। স্বাস্থ্যবান সিয়ে, মানে সকলো ফালৰ পৰা ফিট কৰি ৰাখিব লাগিব, হয় নে নহয়। মোৰ ওচৰলৈ ট্ৰিটমেন্ট হে ল’বলৈ আহিছে, কিন্তু ট্ৰিটমেন্টৰ আগত এই সুদূৰ যে গোটেই চিষ্টেমটো মই কেনেকৈ চেঞ্জ কৰোঁ, কিন্তু এইটো গতানুগতিক হৈ আহি আছে নহয়। গতিকে আমি কিছুমান সূক্ষ্ম সূক্ষ্ম বস্তু আৰু মই কিছুমান মেচেজ দিম, এই মেচেজেৰে আমি এটা জাগৰণ সৃষ্টি কৰিব লাগিব। মানুহৰ ব‍্যস্ততা, একাডেমিক কাৰিকোলাম, কম্পিটিশ‍্যন, উন্নত মানৰ খাদ্য, অভাৱ পূৰণৰ বাবে কিছুমান বজাৰত সহজলভ্য এডাল্টেশ‍্যনে কওঁক। মই খ্ৰীষ্টিয়ান বস্তিত থাকো, তাৰ পৰা ওলাই আহোঁ, মোৰ ফ্লেটটোৰ পৰা ওলায়েই তাতে মূৰ্গী-ব্ৰইলাৰৰ দোকান এখন আছে। মই গাড়ীখন চলাই আহিলে সদায় উপলব্ধি কৰো তাত ৬-৭ টা মান মূৰ্গী , বেচেৰা মূৰ্গী কেইটা কোনো গ্ৰাহকো নাই, মালিকো নাই, তাতে থৈ দিছে। না সিহঁতে খোজ কাঢ়িব পাৰে, না উৰিব পাৰে। তাৰ মানেটো কি বুজাই আছে, তাৰ খাদ‍্যসোপাত গোটেই গ্ৰ’থ হৰমন দি, ছালখিনিও নাই সেইটো ব্ৰইলাৰ মাংস,। মই সেই ব‍্যৱসায়ী জনৰ বিৰুদ্ধে কোৱা নাই, মই তেওঁৰ বৃত্তিটোক বেয়া কোৱা নাই। কিন্তু সেই পদাৰ্থ খিনিয়েই বজাৰত কিনি খাই মাংসখিনি ।গোটেই দিনটো পৰিশ্ৰম কৰি এতিয়া ঘৰলৈ যাওঁ, এই পটলৰ ইমান দাম, জিকাৰ ইমান দাম গতিকে আধা কেজি ব্ৰইলাৰ আৰু আলু লৈ যাওঁ আৰামছে।এইটোৱেই গুৱাহাটীৰ লাইফষ্টাইলৰ বিষয়ে ক’ব বিচাৰিছো। কিন্তু আপুনি কি হৈছে , এই মূৰ্গীটোৱে সেৱন কৰা যিমানখিনি তাৰ হৰমনযুক্ত, আপুনি মাংসখিনি যিমানেই চাফা কৰক, কেমিকেল ষ্ট্ৰাকচাৰটো সকলো।সময়তে শেষ কৰিব নোৱাৰে। গতিকে আপুনি সেইখিনি কনজিউম কৰিছে। আপুনি টেষ্ট পাইছে, গতিকে আপুনি খাইছে। মই এইটো নকওঁ যে মূৰ্গীটোৰ নিচিনা হৈ গৈছে, কিন্তু কৰ্মক্ষেত্ৰত শ্ল’ হৈছে, থাইৰয়ডে ইজিলি আপোনাক ধৰিছে, আপোনাৰ মেটাবলিজিম বিলাক শ্ল’ হৈ গৈছে। থাইৰয়ডে মেটাব’লিজিম শ্ল’ কৰে, গতিকে আপুনি যি খাইছে সেয়া শৰীৰত থাকি গৈছে, সেই খাদ্য সঞ্চয়। এতিয়া নেক্সট পিচিঅ’ডিত এই খাদ্যৰ বিষয়ে দুটা কথা কওঁ।মই এই বিষয়টো ইমান খাপে খাপে আনিছোঁ কাৰণ এই বিষয়টো বহুল এটা বিষয় যে মই আপোনাৰ লগত এঘন্টা দুঘন্টা কথা পাতিও ইয়াৰ সমাধান উলিয়াব নোৱাৰো। মোৰ ওচৰলৈ পেশ‍্যেন্ট আহে, কয় “ছাৰ, মোৰ পিচিঅ’ডি হৈছে, মোৰ সন্তান নহ’ব নেকি ছাৰ,প্ৰথম কথাটো হ’ল পিচিঅডি কি বস্তু জানা, কেনেকে আহিলে, কিয় হয়, তাত কোনখিনি ভুল আগতে কৰি আহিলোঁ, এতিয়া আমি কি কৰি যাম, সময় কি আছে, গোটেই বস্তু খিনি জানি লোৱা।তাৰ পিছত নামা। মাইল্ড টু মডাৰেট ৯০% পিচিঅডি, যি ১০%ছিভিয়েৰ কেটেগৰি আছে, তাক অলপ বেলেগ ধৰণৰ ট্ৰিটমেন্ট লাগে, আৰু বহুতো বেলেগ ধৰণৰ ৱেপন আমাৰ আছে। পিচিঅডিৰ পি শব্দটোৰ অৰ্থ কি ,পি মানে পলি মানে মাল্টিপল, চিষ্টটো মানে এগ। গতিকে প্ৰথম কথায়ে মই এটা মেচেজ চবকে দিব বিচাৰিছো, যে পলি চিষ্ট মানে এটাই মেচেজ সকলোৱে লওক, আপোনালোকৰ এগ ধেৰ আছে আপোনালোক কাহানিও সন্তানহীন হ’বই নোৱাৰে।তাৰ মানে আপোনালোক এগৰ চহকী। খালি ডিজিছটো আছে আপোনালোকে জনা নাই, তাক শুদ্ধ ভাৱে লৈ যাওক আৰু তাৰ পৰা পৰিত্ৰাণ পাওক। কিন্তু পিচিঅডি হ’ল মোৰ সন্তান নহ’ব, মানে হতাশাত ভোগে। চাইক’ল’জিকল প্ৰব্লেম হয়,কিন্তু পিচিঅ মানে ইনডাইৰেক্টলি গাইনি ফালৰ পৰা যদি বৈজ্ঞানিক ভাৱে চাওঁ, ব্লেছিং হয়।

আমি ইতিমধ্যে বহুতো উদাহৰণেৰে ছাৰৰ পৰা গম পালো পিচিঅডি লক্ষণ সমূহ কেনেধৰণৰ আৰু ই কিয় হয়,। ছাৰ এতিয়া যদি সোধা হয়, আপুনি ক’লে ভাগ বহুত কেইটা আছে, বাৰু ঠিক আছে , ডায়েগনজ কৰিলে ভাগবিলাক ৰোগীয়ে গম পাব। এতিয়া যদি সোধা হয় পিচিঅডিৰ প্ৰথম লক্ষণটো কি হ’ব, কেনেকৈ গম পাব সেই অবিবাহিত মহিলাগৰাকীয়ে?

এতিয়া প্ৰথম কথা হ’ল, ছোৱালী গৰাকীয়ে যদি পিচিঅডি ভোগে , যি ছোৱালী মাহেকীয়া প্ৰথম আৰম্ভ হয়, প্ৰথম দুবছৰ, কাৰোবাৰ দহবছৰ, কাৰোবাৰ এঘাৰ বাৰ বছৰ হ’ল, প্ৰথম দুবছৰ আমাৰ ব্ৰেইনৰ হৰমন বিলাক পূৰঠ নহয়, সেইকাৰণে প্ৰথম দুবছৰ মাহেকীয়া খেলিমেলি হয়। মাক দেউতাকে সঘনাই আমাক প্ৰশ্ন কৰে , আমি কওঁ যে দুবছৰ আপুনি এইবোৰ গুৰুত্ব নিদিব, যদি বেছি ৰক্তপাত হয় বা অন্য কিবা প্ৰব্লেম হয় তেতিয়া কওক, আদাৰৱাইছ দুবছৰ এইটো নৰ্মেল, তাৰ পিছত লাহে লাহে এইটো ৰেগুলাৰ হ’ব। তাৰমানে ব্ৰেইনটো সদায় পূৰঠ হ’ব লাগে। ব্ৰেইনেহে জৰায়ু ডিম্বাশয় এইবোৰ কণ্ট্ৰল কৰে। কিন্তু কোনোবা ছোৱালী ধৰক প্ৰথম মাহেকীয়া হ’ল, তাৰ পিছত খুবেই ৰেগুলাৰ, আৰু মই কৈছো যে সৰুৰে পৰা শকত, কিছুমান লক্ষণ, কিছুমান ছাইন ছিম্পটম্পছ আছে, সেইবোৰ আমি দুবছৰ ৰখিব নালাগে , তেওঁলোকক আনক চিকিৎসকৰ ওচৰলৈ , গৈ চোৱাওক কিছুমান হৰমন,থাইৰয়ড গ্ৰন্থি, চব ক্ষেত্ৰত নালাগে বাৰু , এখন চ’ন’গ্ৰাফী, তাত আমি ডিম্বাশয় ডাঙৰ ডাঙৰ দেখা পাম, মাল্টিপল তাত এগেৰে পৰিপূৰ্ণ হেৰী থাকিব। যিকোনো ক্ষেত্ৰত পিচিঅ শব্দটো ক’ব গ’লে অভেৰীৰ ভলিউমটো ডাঙৰ থাকিব লাগিব।তাৰ বাবে আপুনি নৰ্মেল অভেৰীৰ ভলিউমটো জানিব লাগিব, 6-9 ml । আমি যদি অকল এপিয়েৰেঞ্চটোৰ পৰা পিচিঅ বুলি লৈ দিও, চিকিৎসা কৰি দিও, সেইটো এটা ৰং মেচেজ এটা। গতিকে পিচিঅডি হৈছে এটা হিষ্ট্ৰী,এটা বায়’কেমিকেল, মানে ব্লাডত কিছুমান বিসংগতি আহিব আৰু ছ’ন’গ্ৰাফিকেলী কিছুমান বস্তু পাম। প্ৰথম কথা হ’ল মাহেকীয়া খেলিমেলি, । তাই স্বাস্থ্য পাতি থিকে আছে, দুবছৰলৈ মাহেকীয়া খেলিমেলি আছে তাৰ পিছত ৰেগুলাৰ । তাই নৰ্মেল ভাৱে কাৰোকাৰ্য বোৰ কৰি যাওক। নিজৰ খাদ্য সঠিক ভাৱে খাব, ভাল খাদ্য খাব, ৰেগুলাৰ ৱৰ্ক আউট কৰক, কৰি চলি থাকিলে হ’ল। কিন্তু যাৰ প্ৰথমৰ পৰা লক্ষণ আছে, তেওলোকে সোনকালে গৈ এখন ছ’ন’গ্ৰাফী কৰক, কিছুমান ব্লাড টেষ্ট কৰক আৰু দক্ষ চিকিৎসকৰ ওচৰলৈ যাওক। হৰমনৰ যদি খেলিমেলি আছে হৰমনৰ কাৰেকশ‍্যন কৰিব লাগিব। সৰু পৰাই ডায়েট কন্ট্ৰল, এক্সাৰচাইজ কৰিছে। খাদ্যৰ পাৰ্ট এটাত মই কম যে, আমি দৰৱ দিলোঁ, এক্সাৰচাইজ কৰিলোঁ, খাদ্যত কোনেও জোৰ নিদিয়ে‌ । সেইবাবে আপোনাক ক’লো ২৪ ঘন্টা পিচিঅ কথা কৈ থাকিম শেষ নহয়। সেয়ে মই পিন পইন্ট হিচাপে কিছুমান বস্তু টাচ কৰি যাম, তাৰ কাৰণে আৰু এটা চেছন আপোনাৰ লগত বহি দিম,। লক্ষণত যদি ৰেগুলাৰ থাকে দুবছৰৰ পিছতো, তেতিয়া তেওঁ আহিব লাগে, আহি চ’ন’গ্ৰাফী কৰিব লাগিব, অপকাৰ নোহোৱা, আৰু চ’ন’গ্ৰাফী টো মানে কি তিৰোতা সকলে লাজ কৰে, পুৰুষে কৰিব। তলপেটেৰে পানী খাই ব্লাডাৰ টো ফুল কৰি কৰা হয়। সকলো ক্ষেত্ৰত মহিলা ছ’ন’লজিষ্ট পোৱা নাযায়। এইটো কৰি ল’লে জৰায়ু আছে নে নাই, অভেৰী আছে নে নাই, চাইজ কেইটা নৰ্মেল হয় নে নহয়, এপিয়েৰেঞ্চটোৰ কেনেকুৱা, ভলিউমটো কেনেকুৱা। পিচিঅ ক’বলৈ হ’লে , মিনিমাম এটা অভেৰীৰ ম’ৰ দেন 10 পলিক’ল লাগে। আগতে কৈছোঁ, পিচিঅ আমাৰ কাৰণে এটা ব্লেছিং। বহুত এগ আছে, ধেৰ ল’ৰা ছোৱালী হ’ব।কিন্তু তাক বুজিব লাগিব। এতিয়া কথাটো হ’ল এই ক্ৰাইটেৰিয়া বোৰ যেতিয়া হয়, ৰেডিঅলজিষ্ট জনে লিখি দিয়ে। তেওঁ ডাক্তৰৰ পৰামৰ্শ লৈ ছোৱালী অৱস্থাৰ পৰা তাৰ ট্ৰিটমেন্ট কৰা উচিত। নাম্বাৰ 1। নাম্বাৰ ২, যিয়ে সেইখিনি পাৰ কৰি গ’ল,কলেজত গুচি গ’ল, মাহেকীয়া খেলিমেলি হয়। কলেজীয়া ছোৱালীৰ মাহেকীয়া খেলিমেলি হোৱাৰ কথা নাই, আপুনি আমাৰ মা বাইদেউ যাকেই চাওক, আঠাইশ দিনত মাহেকীয়া হয়, ত্ৰিছ দিনত মাহেকীয়া হয়।

কিন্তু কিছুমানৰ যে ছাৰ একেবাৰে এইবোৰ

আগৰ দিনত সেইটো নাছিল, এতিয়া শুনা গৈছে। মই এতিয়া কথাখিনি কোৱাৰ কাৰণ বুজি পালে যে কিয় বস্তুটো হৈ আছে। ক’ত ব্ৰইলাৰ মাংসৰ হৰমন সোমাই আছে, মই সেইটো কোৱা নাই, ক’ত গণ্ডগোলটো হৈ আছে। গতিকে ইৰেগুলাৰ । গতিকে যিসকল কলেজ বাস্কুল যায় , বিয়া হোৱা নাই , প্ৰব্লেম হৈ আছে মাহেকীয়া, তৎক্ষণাত তেওঁলোকে দুটা বা তিনিটা হৰমনৰ টেষ্ট, আৰু এখন চ’ন’গ্ৰাফী। মই একে কথা কৈ আছো যে ইউটেৰাছ টো , অভেৰীৰ চাইজটো, কিমান ডিম্ব আছে, অভেৰীৰ ভলিউমটো কেনেকুৱা আৰু অভেৰীৰ মাজৰ অংশ যাক ষ্ট্ৰমা বুলি কওঁ, সেইটো কিমান থিক। আৰু শৰীৰত ককিবা লক্ষণ আছে নেকি, যেনেকৈ হেয়াৰ, ভেলভেটি নেক, ইয়াত আপোনাৰ ভেলভেটৰ নিচিনা হোৱা, মেদবহুলতা, অতিৰিক্ত হেয়াৰ গ্ৰ’থ, শালমইনা, খুব বেছি পৰিমাণে, মাতটো অলপ মেলৰ নিচিনা। এনেকুৱা বহু টেষ্ট আছে, বায়’কেমিকেল মাৰ্কাৰ,ব্লাডৰ কিছুমান টেষ্ট, হৰমন চাও এটা এ এম এইছ বুলি কয়, এন্টি মূলাৰিয়ান হৰমন, ই পিচিঅডি বাঢ়ি যায়, থাইৰয়ডৰ বিসংগতি, প্ৰলেক্টিন হৰমন বাঢ়ি যায় ডেইলি। গতিকে এনেকুৱা কিছুমান বস্তু আছে, গতিকে আটাইতকেইটা বস্তু লেভেল কৰিব লাগিব।, তেতিয়া হে মই কম যে আপোনাৰ গভীৰতা এইটো।আপুনি দ্বিতীয় এখন ঘৰলৈ গৈ মোৰ ওচৰলৈ অহাতকৈ এইখনতে এইখিনি কাৰেক্ট কৰি লওক। সেইখিনি পাৰ হৈ গুচি গ’ল, দ্বিতীয় ঘৰখনত গ’ল, তালৈ কিয় যাব, ল’ৰা ছোৱালীৰ কাৰণে, স্বামী স্ত্ৰী মোৰ ওচৰলৈ মাহেকীয়া খেলিমেলি বা সন্তানহীনতাতে আহি ব, সেই হতাশা, মাহেকীয়া ৰেগুলাৰ নহয়, কিন্তু চলি আছে আগৰ পৰাই। গতিকে মোৰ ওচৰলে আহাৰ লগে লগে মোৰ একেখিনি কাম, ব্লাডটেষ্ট কৰা, চ’ন’গ্ৰাফী কৰিলো আৰু নিৰ্ণয় কৰিলো যে কি পৰ্যায়ত গৈ তেওঁৰ পিচিঅডি ৰৈছে।

Scroll to Top